মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ

দৰ্শকৰ বাবে সময়সূচী

সপ্তাহৰ গোটেই কেইদিন দৰ্শকৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ মুকলি থাকিব। সাধাৰণ দৰ্শকসকলে প্ৰবেশ টিকট লৈ পুৱা ১০ বজাৰ পৰা চৌহদত সোমাব পাৰিব। দৰ্শকৰ বাবে প্ৰবেশ টিকট পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ উপলব্ধ হব। দৰ্শকসকলে সন্ধিয়া ৭ বজালৈ চৌহদত প্ৰবেশ কৰিব পাৰিব আৰু সন্ধিয়া ৮ বজাৰ লগে লগে চৌহদ ত্যাগ কৰিব লাগিব।
শিল্পীৰ গাঁও আৰু অতিথিশালাৰ দৰ্শকসকলে তাত থকা নিৰ্দেশিকা মানি চলিব লাগিব।

শব্দ আৰু পোহৰ প্ৰদৰ্শনীৰ সময় সূচী

১ মাৰ্চৰ পৰা ৩০ ছেপ্তেম্বৰলৈ-
অসমীয়া প্ৰদৰ্শনী – সন্ধিয়া ০৬.১৫ বজা
ইংৰাজী প্ৰদৰ্শনী – সন্ধিয়া ৭ বজা

১ অক্টোবৰৰ পৰা ২৮-২৯ ফেব্ৰুৱাৰীলৈ-
অসমীয়া প্ৰদৰ্শনী – সন্ধিয়া ০৫.৩০ বজা
ইংৰাজী প্ৰদৰ্শনী – সন্ধিয়া ০৬.১৫ বজা

দৰকাৰী তথ্য

  • কলাক্ষেত্ৰ হৈছে ধপাতমুক্ত আৰু সুৰামুক্ত অঞ্চল। ধপাতজাতীয় সামগ্ৰী (যেনে- চিগাৰেট, বিড়ি, জৰ্দা) আৰু চৌহদৰ ভিতৰত সুৰাপান কৰাৰ বাবে অনুমতি নাপাব।
  • চৌহদৰ ভিতৰত তামোল-পান আৰু পান খোৱাৰ বাবেও অনুমতি নাই।
  • কলাক্ষেত্ৰ হৈছে নিৰামিষাহাৰী চৌহদ। চৌহদৰ ভিতৰত সামিষ আহাৰ খোৱাৰ অনুমতি নাপাব।
  • কলাক্ষেত্ৰ চৌহদ দৰ্শন কৰিবলৈ অহা দৰ্শকসকলে ওপৰোক্ত সামগ্ৰীসমূহ লগত আনিব নোৱাৰিব।