মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ

সংগীত নাটক

  • শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই সময়ে সময়ে অসমৰ নৃত্য, নাটক আৰু সংগীতৰ বিশেষ ধাৰাৰ সাংস্কৃতিক উন্নয়ন আৰু উত্থানৰ বাবে বিভিন্ন কাৰ্যসূচী, উত্সৱ, কৰ্মশালা, আলোচনাচক্ৰ আদি অনুষ্ঠিত কৰে।

    ২০০০ চনৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই ইংৰাজী নতুন বৰ্ষ পালন কৰিবলৈ নৱবৰ্ষ উত্সৱ অনুষ্ঠিত কৰি আহিছে। আগতে এই উতৱটো ১ৰ পৰা ১৭ জানুৱাৰীলৈ প্ৰতি বছৰে বহুলভাৱে পালন কৰা হৈছিল, যত এই অঞ্চলৰ আৰু আন আন ৰাজ্যৰ ধ্ৰুপদী নাচৰ উপৰিও অসমৰ বিভিন্ন জনগোষ্ঠীসমূহে নাচ প্ৰদৰ্শন কৰিছিল। নতুন বছৰক আদৰণি জনোৱা এই উত্সৱটো এতিয়াও শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এক উল্লেখযোগ্য উত্সৱ আৰু প্ৰতি বছৰৰ প্ৰথম দিনটোতে ইয়াক পালন কৰা হয়।

    বৰ্তমানৰ উন্নয়নৰ ভিতৰতে ২০১৬ চনৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মহোত্সৱৰ আয়োজন কৰি এক নতুন মাত্ৰা দিছে। এই উত্সৱ পালন কৰাৰ উদ্দেশ্যে হৈছে ১৫শ আৰু ১৬শ শতিকাৰ অসমৰ মহান সাধু পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান আৰু কৰ্মৰাজিক চকুত পৰাকৈ উন্নয়ন সাধন কৰি জাতীয় আৰু আন্তৰ্জাতিক পৰ্যায়ত প্ৰচাৰ কৰা। ১ম আৰু ২য় শ্ৰীমন্ত শংকৰদেৱ নামেৰে এখন আন্তৰ্জাতিক পৰ্যায়ৰ আলোচনাচক্ৰ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত অনুষ্ঠিত হৈছিল। এনেকুৱা একে লেঠাৰিকৈ পতা মহোত্সৱত ২০১৬ চনত শংকৰদেৱৰ পাৰিজাত হৰণ নাটখনি মধ্য ইউৰোপৰ ফৰাচী ভাষাত আৰু ২০১৭ চনত ৰাম বিজয় নাটখনি মেক্সিকান ভাষাত অনুষ্ঠিত হৈছিল।

    নিয়মিত উত্সৱ আৰু বাৰ্ষিক কাৰ্যসমূহৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই ৰাজ্যখনৰ ধ্ৰুৱদী আৰু লোকনৃত্যৰ ওপৰত আলোচনাচক্ৰ অনুষ্ঠিত কৰে।