মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংগ্ৰহালয়

  • শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সিদ্ধান্ত অনুসৰি অসমৰ মহান সাধুপুৰুষ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন পৰিক্ৰমা, কৰ্মৰাজি আৰু অৱদানসমূহ, লগতে তেওঁ কৰা সমাজ সংস্কাৰ, আৰু সাহিত্য, নৃত্য, নাট, সংগীত, চিত্ৰশিল্প আৰু আন আন দিশত আগবঢ়োৱা অৱদানসমূহ চিত্ৰিত কৰি, যিজনে মধ্যযুগত অসমলৈ এক নৱজাগৰণ আনিবলৈ সক্ষম হৈছিল, তেওঁৰ নামত এটা সংগ্ৰহালয় প্ৰতিষ্ঠা কৰিবলৈ প্ৰস্তাৱ লোৱা হয়। সংগ্ৰহালয়টোৰ মুখ্য উদ্দেশ্য হৈছে ১৫শ-১৬শ শতিকাৰ অসমত অসমীয়া সংস্কৃতি প্ৰতিষ্ঠা কৰিবলৈ এই মহান সাধু পুৰুষজনে ভেটি স্থাপন কৰাটো বিশেষভাৱে দেখুওৱা। সংগ্ৰহালয়টোৱে মহাপুৰুষ জনাৰ জীৱন পৰিক্ৰমা চিত্ৰিত কৰা, তেওঁ সৃষ্টি কৰা পৰিবেশ্য কলা, তেওঁৰ সাহিত্যিক কৰ্ম, তেওঁৰ দৰ্শন, শিক্ষা, কলা শিল্পৰ লগতে আন আন বিষয়বস্তু সমূহো উপস্থাপন কৰিবলৈ অহোপুৰুষাৰ্থ কৰিব। সংগ্ৰহালয়টোৱে মহাপুৰুষজনৰ লগত সম্পৰ্ক থকা সম্পদ আৰু সৃষ্ট কলা-কৃষ্টিৰ লগতে তেওঁ আৰম্ভ কৰা আন্দোলনটোও সংগ্ৰহালয়ত ৰাখিব। কলাক্ষেত্ৰ সমাজে ধাৰণাসমূহৰ এক ৰেখাংকন কৰি ডি.পি.আৰ প্ৰস্তুত কৰিবলৈ ইতিমধ্যে যো-জা কৰিছেই।

    এই আঁচনিখনৰ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে মহাপুৰুষ জনাৰ ওপৰত এটা সৰুকৈ হলেও সংগ্ৰহালয় সংগীত নাটক আৰু সাহিত্য ভৱনত ২০১৬ চনৰ ১ মাৰ্চ তাৰিখে উদ্বোধন কৰা হয়।