মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ

কাৰ্য্যাৱলী আৰু উদ্দেশ্য

  • শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মুখ্য উদ্দেশ্যসমূহ হল-

    • অসমৰ মানুহৰ সাংস্কৃতিক ঐতিহ্যক সুৰক্ষা দিয়া, উন্নত কৰা আৰু সংৰক্ষণ কৰা।
    • ওপৰত উল্লেখ কৰা উদ্দেশ্যে, নৃত্য, নাটক, সংগীত আৰু চাৰু-কাৰু কলাৰ প্ৰতিষ্ঠান স্থাপন কৰা।
    • সংগীত, নৃত্য, নাটক আৰু চাৰু-কাৰু শিল্পৰ ক্ষেত্ৰত গৱেষণা আগুৱাই নিয়া আৰু তাৰ ওপৰত পুস্তিকা প্ৰকাশ কৰা।
    • ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ মাজত পৰিবেশ্য কলা আৰু চাৰু-কাৰু শিল্পৰ ধাৰণা আৰু কৌশল বিনিময়ত উত্সাহিত কৰা
    • আন আন ৰাজ্যৰ সৈতে পৰিবেশ্য কলা, চাৰু-কাৰু শিল্পৰ ক্ষেত্ৰত সাংস্কৃতিক বিনিময়ক উন্নত কৰা।
    • এটা পুথিভঁড়াল আৰু এটা সংগ্ৰহালয় স্থাপন কৰা।