মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ

ললিত কলা (চাৰু কলা)

  • এখন বাতানুকূল কলা বীথিকা, এটা গ্ৰাফিক ষ্টুডিঅ, এখন কৰ্মশালা আৰু এটা প্ৰেক্ষাগৃহকে লৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ললিত কলা শাখাটোৱে এই অঞ্চলৰ শিল্পী সমাজক তেওঁলোকৰ প্ৰদৰ্শনী আৰু সৃষ্টিশীল কৰ্ম প্ৰদৰ্শন কৰিবলৈ এখন গতিশীল মঞ্চ দিছে।

    এই কেন্দ্ৰৰ ললিত কলা শাখাটোৰ সুনাম অৰ্জন কৰিবৰ জোখেৰে বহুবিলাক কৰ্ম আছে। আৰম্ভণিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ললিত কলা শাখাই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্তৰত কেইবাখনো প্ৰদৰ্শনী আৰু চিত্ৰশিল্প, ড্ৰইং, গ্ৰাফিক, ভাস্কৰ্য্য, কাঠ শিল্প আৰু ফটোগ্ৰাফ আৰু আন বিষয়ৰ ওপৰত প্ৰদৰ্শনী অনুষ্ঠিত কৰিছে। ইয়াৰে কিছুমান ললিত কলা একাডেমী, নতুন দিল্লী, নেচনেল ললিত কলা চেণ্টাৰ, কলিকতা, অল ইণ্ডিয়া ফাইন আৰ্টচ অৱ ক্ৰাফচ্ ছচাইটী (এ.আই.এফ.এ.চি.এছ.), নতুন দিল্লী, নেচনেল গেলাৰী অৱ মডাৰ্ণ আৰ্টছৰ সহযোগত সেই সহযোগীসমূহৰ কেইটামান নাম। ৰাজ্যৰ এমেচাৰ শিল্পীৰ শিল্পকৰ্মৰ উপৰিও ভালেকেইজন বিখ্যাত শিল্পীৰ একক প্ৰদৰ্শনীও ইয়াত অনুষ্ঠিত।

    শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই কূটিৰ শিল্পৰ উদ্যোগীসকলক আগলৈ হেংচুকি দি উত্সাহ যোগাবলৈ নিয়মিতভাৱে হস্ততাঁত, বস্ত্ৰ শিল্প আৰু এই অঞ্চলৰ পৰম্পৰাগত শিল্প সামগ্ৰীসমূহৰ প্ৰদৰ্শনী পাতে।

    কলা বীথিকা

    এইটো কেন্দ্ৰত থকা ললিত কলা ভৱনটোত এটা বাতানুকূল কলা বীথিকা আছে। কেন্দ্ৰীয়ভাৱে বাতানুকূল অত্যাধুনিক কলা বীথিকাখন ২০০২ চনৰ ৭ ছেপ্তেম্বৰ তাৰিখে উদ্বোধন কৰা হয়।
    ৰাজ্যৰ বিখ্যাত ব্যক্তিসকলৰ শিল্পকলাৰ নৈমিত্তিক প্ৰদৰ্শনীৰ বাহিৰেও ইয়াৰ কলা বীথিকাত চাৰু-কাৰু উন্নয়নৰ বাবে নৰ্থ-ইষ্ট ষ্টেট এগনজিভিচন অব আৰ্ট আৰু নেচনেল জুনিয়ৰ আৰ্টিচটচ্ এগজিভিচন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই ইয়াৰ বীথিকাত প্ৰদৰ্শন কৰে। কলা বীথিকাখন সন্থা আৰু ব্যক্তিবিশেষক তেওঁলোকৰ কৰ্মৰ প্ৰকৃতি অনুসৰি পৰ্দৰ্শনী আদি পাতিবলৈ ভাড়ালৈ দিয়া হয়।

    গ্ৰাফিক ষ্টুডিঅ

    শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ললিত কলা ভৱনত এটা গ্ৰাফিক ষ্টুডিঅ আছে। নতুন দিল্লীৰ ললিত কলা একাডেমীৰ সাহায্যত এইটো প্ৰতিষ্ঠা কৰা হয়। এটা সাধাৰণ মাচুল দি শিল্পীসকলে ইয়াক ব্যৱহাৰ কৰিব পাৰে। অলপতে নতুন দিল্লীৰ ললিত কলা একাডেমীয়ে এই ষ্টুডিঅটোক তেওঁলোকৰ আঞ্চলিক কৰ্ম কেন্দ্ৰ হিচাপে ঘোষণা কৰিছে আৰু ললিত কলা একাডেমীৰ বৃত্তিধাৰীসকলে এই ষ্টুডিঅটো বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব।