মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ

ইতিহাস

  • ১৯৮৬ চনৰ ৫ আগষ্ট তাৰিখে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ এখন সভাত সাংস্কৃতিক পৰামৰ্শদাতা কমিটীখনে এটা সাংস্কৃতিক প্ৰকল্পৰ কথা পোষণ কৰে। অসমৰ জনগণৰ সাংস্কৃতিক ঐতিহ্যৰ উন্নয়ন আৰু সংৰক্ষণৰ অৰ্থে লগতে নৃত্য, নাটক, সংগীত, চাৰু কলা, সাহিত্যৰ ক্ষেত্ৰত এক কৰ্ম কেন্দ্ৰ হিচাপে সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে এটা প্ৰকল্প প্ৰতিষ্ঠা কৰিবলৈ স্থিৰ কৰা হল। সেই একেটা বছৰতে সাংস্কৃতিক প্ৰকল্পৰ বাবে এখন পৰীক্ষামূলক ভাৱে আঁচনি প্ৰস্তুত কৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ বুলি নামাকৰণ কৰা হল আৰু ১৯৮৮ চনৰ ২ ফেব্ৰুৱাৰীৰ দিনা তেতিয়াৰ অসমৰ ৰাজ্যপাল মহামান্য শ্ৰীভীষ্ম নাৰায়ণ সিং দেৱে আধাৰশিলা স্থাপন কৰে। ১৯৯০ চনত অসম চৰকাৰে কলাক্ষেত্ৰ আঁচনিখন ১৯৮৫ চনৰ অসম চুক্তিৰ ক্লজ-৬ৰ অন্তৰ্গত কৰিবলৈ ভাৰত চৰকাৰৰ ওচৰ চাপিল, যিটোৰ বক্তব্য আছিল অসমীয়া মানুহৰ সাংবিধানিক, বিধান পৰিষদীয় আৰু প্ৰশাসনীয় সুৰক্ষা, যিটো সঠিক, তাক সাংস্কৃতিক, সামাজিক, ভাষিক স্বকীয়তা আৰু ঐতিহ্যৰ সুৰক্ষা দিয়া হব। ১৯৯৮ চনৰ ৯ নৱেম্বৰৰ দিনা ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি কে.আৰ. নাৰায়ণন ডাঙৰীয়াই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰক জাতিৰ নামত উচৰ্গা কৰে।