মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ

পূৰ্বজ্যোতি সংগ্ৰহালয়

  • পূৰ্বজ্যোতি সংগ্ৰহালয়টো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা দৰকাৰী অংশ আৰু ই জাতিমালা আৰু ঐতিহ্যৰ এক যাদুঘৰ। এই যাদুৰটোৰ উদ্দেশ্য হৈছে বিশেষকৈ অসমৰ আৰু সাধাৰণতে উত্তৰ-পূবৰ মানুহৰ অতুলনীয় আৰু আওপুৰণি শিল্প আৰু কলা সম্পদবিলাক সংগ্ৰহ কৰা, সংৰক্ষণ কৰা আৰু প্ৰদৰ্শন কৰা। এই যাদুঘৰৰ উদ্দেশ্য হৈছে বস্তুবাদী সংস্কৃতি আৰু খিলঞ্জীয়া কাৰিকৰী জগতত অতীত আৰু বৰ্তমানক প্ৰদৰ্শন কৰা।

    যাদুঘৰটোত ৪০০০ শিল্প কলা আছে, যিবিলাক যাদুঘৰৰ বিভিন্ন বীথিকাত প্ৰদৰ্শনৰ বাবে ৰখা হৈছে, তাৰ ভিতৰত এইসমূহো আছে-

    • সত্ৰীয়া মুখা
    • সংগীত বাদ্য
    • টেৰাকোট্টা আৰু বোকাৰে বনোৱা শিল্প (মৃন্ময় শিল্প)
    • বয়ন শিল্প আৰু পোছাক
    • অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কূটিৰ শিল্প
    • খৰাহি আৰু কাঠৰ পৰা উত্পন্ন বস্তু
    • কাঁহ আৰু পিতলৰ বস্তু
    • শংকৰী কৃষ্টিৰ বস্তু