মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ

সন্থাটোৰ বিষয়ে

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ধাৰণাটো অসমৰ মানুহৰ কৃষ্টি আৰু জীৱনৰ ওপৰত মুকলিকৈ দেখুওৱাৰ বাবেই স্ৰজন কৰা হৈছিল, যিটোক ৰাজ্যৰ অতি আৱশ্যকীয় ৰং-বিৰঙৰ সাংস্কৃতিক যিবিলাক জাতি-উপজাতিয়ে তুলি ধৰি সুন্দৰ কৰি তুলিছিল। পঞ্চদশ শতিকাৰ অসমক একতাৰ ডোলেৰে বান্ধি ৰখা, গোটেই ভাৰতৰ সমজাক ঐক্যবদ্ধ কৰা, শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে নামাকৰণ কৰি সেই মহান ভৱিষ্যদৰ্শী আত্মাক ধৰি ৰাখি তাৰ সাৰভাগ মানুহৰ মাজত একতা আৰু বিশ্ব ভাতৃত্বৰ বাবে প্ৰচাৰ কৰাই কলাক্ষেত্ৰ সমাজৰ উদ্দেশ্য। ৰাজ্যত বসবাস কৰা বিভিন্ন জাতি-জনজাতিৰ চহকী সাংস্কৃতিক সংৰক্ষণ, পুনঃস্থাপন, গৱেষণা আৰু উন্নয়নৰ বাবে চেষ্টা কৰাই প্ৰতিষ্ঠানৰ উদ্দেশ্য।

এখন (ক) সাধাৰণ পৰিষদ, (খ) এখন কাৰ্যবাহী পৰিষদ আৰু এখন (গ) শৈক্ষিক পৰিষদেৰে গঠিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজখন এখন পঞ্জীয়নভুক্ত সমাজ হিচাপে চলি আছে।

এই প্ৰকল্পটোৰ (ফেজ-১) নিৰ্মাণ কৰা সম্পূৰ্ণ খৰচ ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে বহন কৰিছে, নিৰ্মাণ খৰচ ২০.১৫ কোটি টকা। প্ৰকল্পটো চোৱাচিতা কৰিবলৈ প্ৰয়োজন হোৱা পুঁজি ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ অনুদান, ৰাজহুৱা বৰঙণি আৰু সময়ে সময়ে ভিন ভিন সন্থাক প্ৰকল্পটোৰ সাজ-সঁজুলি ভাড়ালৈ দিয়া বাবদ পোৱা ভাড়াৰ পৰা আহিব বুলি আশা কৰা হৈছে।

পাছত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক সভা কেন্দ্ৰটো ফেজ-২ হিচাপে নিৰ্মাণ কৰা হৈছে। আন্তৰ্জাতিক সভা কেন্দ্ৰটো তিনিটা প্ৰেক্ষাগৃহ থকাকৈ প্ৰস্তাৱ দিয়া হৈছে আৰু দুটা প্ৰেক্ষাগৃহৰ মানুহ বহাৰ ক্ষমতা ৩০০ আৰু ১২৫০ জন ধাৰণ ক্ষমতা থকা হব আৰু এইখিনি কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ পৰা পোৱা পুঁজিৰে সম্পূৰ্ণ কৰা হৈছে।

গুৱাহাটীৰ পাঞ্জাবাৰীত ১৭.৫ (প্ৰায়) হেক্টৰ ভূমিত আহল-বহলকৈ বিস্তৃত কলাক্ষেত্ৰত আছে-

  • সাহিত্য আৰু সংগীত নাটক ভৱন
  • ললিত কলা ভৱন
  • সাংস্কৃতিক সংগ্ৰহালয় (পূৰ্বজ্যোতি সংগ্ৰহালয়)
  • পুথিভঁড়াল
  • ঐতিহ্য উদ্যান
  • ড০ ভূপেন হাজৰিকা সংগ্ৰহালয়
  • আন্তৰ্জাতিক সভা কেন্দ্ৰ (৩০০ আৰু ১২৫০ ধাৰণ ক্ষমতাৰ প্ৰেক্ষাগৃহ)
  • শ্ৰীমন্ত শংকৰদেৱ অধ্যয়ন কেন্দ্ৰ
  • শ্ৰীমন্ত শংকৰদেৱ সংগ্ৰহালয়
  • বাতানুকূল কলা বীথিকা
  • চিত্ৰ বীথিকা (দুখন)
  • পুতলা সংগ্ৰহালয়
  • অডিঅ ৰেকৰ্ডিং ষ্টুডিঅ আৰু আৰ্কাইভ
  • ড০ ভবেন্দ্ৰ নাথ শইকীয়া শিশু উদ্যান
  • শব্দ আৰু পোহৰ প্ৰদৰ্শন
  • মুকলি মঞ্চ থিয়েটাৰ
  • শিশুৰ প্ৰেক্ষাগৃহ
  • শিল্পীৰ গাঁও
  • ভি.আই.পি. অতিথিশালা
  • স্মৰণিকা বিপণী

এই সকলোবিলাক সম্ভাৰে অসম আৰু গোটেই অঞ্চলৰ জীৱন্ত সাংস্কৃতিক শ্ৰেষ্ঠতাৰ স্নায়ুকেন্দ্ৰ হিচাপে ধৰি ৰখাৰ চেষ্টা কৰিছে।