মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ

প্ৰেক্ষাগৃহৰ আৰু অন্যান্য সুবিধাসমূহ বন্দোৱস্তি

কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহৰ আৰু অন্যান্য সুবিধাসমূহ বন্দোৱস্তিৰ প্ৰক্ৰিয়া

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰেক্ষাগৃহ আৰু অন্যান্য সুবিধাসমূহ আছে যি বিভিন্ন সময়ত বিভিন্ন সংস্থা আৰু প্ৰতিষ্ঠানৰ দ্বাৰা ব্যৱহাৰ কৰিবৰ বাবে ভাড়ালৈ লোৱা হয়। এই সুবিধাসমূহৰ বন্দোৱস্তিৰ প্ৰক্ৰিয়া এনেধৰণৰ-

  • আৱশ্যকতাখিনিৰ বিৱৰণৰ সৈতে লিখিত আবেদন পত্ৰৰ মাধ্যমেৰে সচিব, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ, পাঞ্জাবাৰী, গুৱাহাটী- ৩৭ লৈ আবেদন কৰিব লাগে। আবেদনকাৰী/ আবেদনকাৰী সংগঠনে কি উদ্দেশ্যৰ কাৰণে সুবিধাবোৰ লব বিচাৰিছে সেই বিষয়ে আৰু লগতে তাৰিখ, সময় আৰু অন্যান্য সম্বন্ধীয় সবিশেষ বৰ্ণনা তেওঁলোকৰ আবেদনত উল্লেখ কৰিব লাগে।
  • আবেদনকাৰী/ আবেদনকাৰী সংগঠনে সেই নিৰ্দিষ্ট তাৰিখত প্ৰয়োজনীয় সুবিধাসমূহ উপলব্ধ আছে নে নাই সেই বিষয়ে জানিবৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব বা বুকিং সহকাৰীৰ লগত যোগাযোগ কৰিব লাগে।
  • আবেদনকাৰীয়ে তেওঁলোকৰ বন্দোৱস্তি নিশ্চিত কৰিব লাগে আৰু সুবিধাসমূহৰ বন্দোৱস্তিৰ চৰ্ত অনুযায়ী অগ্ৰিম ধন আৰু প্ৰতিভূত্তি নিক্ষেপ প্ৰদান কৰিব লাগে। বন্দোৱস্তিৰ নিয়ম আৰু চৰ্ত সবিশেষ নথিত উল্লেখ আছে।
  • সবিশেষ জানিবৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব বা বুকিং সহকাৰীৰ লগত যোগাযোগ কৰক।