মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ

ড০ ভূপেন হাজৰিকা সংগ্ৰহালয়

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে ড০ ভূপেন হাজৰিকা সংগ্ৰহালয় নামে এটা যাদুঘৰ ইয়াৰ চৌহদত স্থাপন কৰিছে, যত কিম্বদন্তী সংগীতজ্ঞ, সংগীতৰ প্ৰতিূ ড০ ভূপেন হাজৰিকাৰ জীৱন আৰু কৰ্মৰাজিৰ সংপৃক্ত বিভিন্ন সামগ্ৰীসমূহ প্ৰদৰ্শনৰ বাবে ৰাখি থোৱা আছে। ড০ ভূপেন হাজৰিকা সংগ্ৰহালয়ত সংগীত প্ৰতিূ ড০ ভূপেন হাজৰিকাই পোৱা বিভিন্ন সামগ্ৰী, যেনে- পুৰস্কাৰ আৰু সন্মানসমূহ, লগতে বিভিন্ন বাদ্যযন্ত্ৰ, আচবাব, পোছক, দৰকাৰী ফটোগ্ৰাফ, কিতাপ, যিবিলাক বস্তুৱে ড০ হাজৰিকাৰ প্ৰবূত অৱদান ৰু বিভূষণৰ সাক্ষী দিয়ে। এই ৰাজ্যখনে এইজন বহুমুখী প্ৰতিভাধৰৰ প্ৰচুৰ অৱদানৰ বাবে গৌৰৱ কৰিবলৈ এই সংগ্ৰহালয়টো এটা চিহ্ন। এই সংগ্ৰহালয়টো এই সংগীত প্ৰতিভূজনৰ জীৱন কালতেই স্থাপিত হৈছিল যিটোৱে তেওঁৰ অৱদান আৰু বিভূষণসমূহ উত্তৰ পুৰুষক চিৰসেউজ হিচাপে দেখাব।