মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ

শ্ৰীমন্ত শংকৰদেৱ অধ্যয়ন কেন্দ্ৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই অলপতে শ্ৰীমন্ত শংকৰদেৱ অধ্যয়ন কেন্দ্ৰ নামেৰে এটা অধ্যয়ন কেন্দ্ৰ স্থাপন কৰিছে, যত অসমৰ এইজন সাধু পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিভিন্ন ভাৱধাৰাৰ ওপৰত ৰেখাপাত কৰি অধ্যয়ন কৰা হব। এই কেন্দ্ৰটোৱে শংকৰদেৱ সাহিত্য ক্ষেত্ৰত, নৃত্য, নাট, সংগীত আৰু চিত্ৰকলা আৰু আন আন ক্ষেত্ৰত দিয়া অৱদানসমূহৰ ওপৰত অধ্যয়ন আৰু গৱেষণাৰ সূত্ৰপাত কৰিব। এই অধ্যয়ন কেন্দ্ৰটো ২০১৬ চনৰ ১ মাৰ্চ তাৰিখে উদ্বোধন কৰা হয় আৰু বৰ্তমান ই চালুকীয়া অৱস্থাতে আছে। অতি পুৰণি পাণ্ডুলিপি আৰু গৱেষণাৰ পুথিসমূহৰ উপৰিও কেন্দ্ৰটোৱে এক বুজন পৰিমাণৰ পুথি সংগ্ৰহ কৰিছে। কলাক্ষেত্ৰই এই কেন্দ্ৰটোত পৰিবেশ্য কলাৰ আৰম্ভণি কৰিবলৈ বৰ্তমানে চিন্তা-চৰ্চা কৰি আছে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংগ্ৰহালয় –

Downloads
TitleSizeDetail
Mahapurush Srimanta Sankardeva Sangrahalaya11.52 KBswf-image