মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ

আন্তৰ্জাতিক সভা কেন্দ্ৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক সভা কেন্দ্ৰ নামৰ এটা আন্তৰ্জাতিক সভা কেন্দ্ৰ আছে। এই আন্তৰ্জাতিক সভাকেন্দ্ৰটোত ৩০০, ৮০০ আৰু ১২৫০জন মানুহৰ ধাৰণ ক্ষমতা থকা তিনিটা প্ৰেক্ষাগৃহৰ প্ৰস্তাৱ দিয়া হৈছিল আৰু ইয়াৰে ৩০০ আৰু ১২৫০জন ধাৰণ ক্ষমতা থকা প্ৰেক্ষাগৃহ দুটা ইতিমধ্যে সম্পূৰ্ণ হৈছে।

সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই ১৯৯৯ চনৰ ৯ জুলাই তাৰিখে এই কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰেক্ষাগৃহৰ প্ৰকল্পটোৰ বাবে ৰাজ্যিক চৰকাৰে প্ৰায় ৮ হেক্টৰ মাটি আবণ্টন দিয়ে। কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্পটোৰ বাবে ২০ কোটি টকা আবণ্টন দিছে আৰু ৰাজ্য চৰকাৰেও তেওঁলোকৰ অংশটো দিছে।

৩০০জনৰ ধাৰণ ক্ষমতা থকা প্ৰেক্ষাগৃহটো (শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহটো) ২০০৬ চনৰ ৩০ জানুৱাৰী তাৰিখে আৰু ১২৫০জনৰ ধাৰণ ক্ষমতা কা প্ৰেক্ষাগৃহটো (শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহটো) ২০১৬ চনৰ ১ মাৰ্চ তাৰিখে উদ্বোধন কৰা হয়।